গোলাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত এতিয়ালৈ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে আজি এখন সংবাদ মেলযোগে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত ৰাহুল ফুকনক জেললৈ প্ৰেৰণ কৰাৰ লগতে মূল অভিযুক্ত দীপাংকৰ ডেকা, ঋষিৰাজ বাৰতিয়াল, প্ৰাণ হৰি ফুকন, পংকজ গগৈ আৰু অৰিন্দম বৰিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক লৈ আন এক গোচৰ ৰুজু কৰা হ’ব বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে সংবাদমেলত প্ৰকাশ কৰে।
Assamese | July 2, 2025 8:04 PM | CM
মুখ্যমন্ত্রী বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত ৬ জন লোকক গ্ৰেপ্তাৰ