মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মকৰ্তাৰ সৈতে বি টি চি নির্বাচন সম্পর্কত মত বিনিময় কৰিব। জিলা প্রশাসনে এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে কয়, যে মুখ্যমন্ত্রী ড° শৰ্মাই অহা ৫ জুলাইত প্ৰথমে মুছলপুৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পর্যালোচনা সভাত অংশ ল‘ব। ইয়াৰ পাছত তেওঁ জালাহৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত সভাত ৫টা মণ্ডলৰ প্ৰায় ৩ হেজাৰ ৫০০ কৰ্ম-কৰ্তাৰ সৈতে মত বিনিময় কৰিব।
Assamese | July 2, 2025 7:14 PM | CM
অহা ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু বি টি চি নির্বাচন সম্পর্কত মুখ্যমন্ত্ৰীৰ মত বিনিময়