মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱত থকা পৰিত্যক্ত চেনিকল পৰিদৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিত্যক্ত হৈ থকা ৫০০ বিঘা মাটি ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰাৰ বাবে জিলা আয়ুক্তক নির্দেশ দিয়ে। এই ভূমি এডভান্টেজ অসম টু পইণ্ট জিৰ’ৰ সৈতে সংগতি ৰাখি উৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ কৰে ।
Assamese | May 20, 2025 1:11 PM | CM
দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱত থকা পৰিত্যক্ত চেনিকল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ