ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন নকৰাকৈ অসমত আধাৰ নম্বৰ উলিওৱা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে অভিযান চলাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অহা দুই-চাৰি দিনতে অসমত এই অভিযান আৰম্ভ কৰা হ‘ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রী ড° শৰ্মাই কালি এই কথা সদৰি কৰি কয়, যে বহু লোকে এন আৰ চিৰ সময়ত আবেদন কৰা নাছিল যদিও তেওঁলোকে অসমত আধাৰ কাৰ্ড লৈছিল। এনে লোকসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা ল‘ব বুলিও তেওঁ কয়। আনহাতে যোৱা কিছু বছৰত অসমত প্ৰৱেশ কৰা অবৈধ নাগৰিকসকলক উলিয়াই পঠিওৱাৰ বাবে ব্যৱস্থা ল‘বলৈ ৰাজ্য চৰকাৰে পৰিকল্পনা যুগুত কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। সামাজিক মাধ্যমত ভুৱা একাউণ্ট চলাই থকা লোকসকলৰ বিৰুদ্ধেও চৰকাৰে চোকা দৃষ্টি ৰখা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ভুৱা একাউণ্ট দেখিলে ৰাইজক আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে আৰক্ষীক এই বিষয়ে কঠোৰ ব্যৱস্থা ল‘বলৈ চৰকাৰে নিৰ্দেশ দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে।
Assamese | April 28, 2025 12:23 PM | CM
ভূৱা আধাৰ নম্বৰ উলিওৱা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শীঘ্ৰে অভিযান