অহা মে’ত ৯ হাজাৰ স্নাতকোত্তৰ শিক্ষক পদ ফলাফল ঘোষণা কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূর্বে ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে অহা জুনত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত কঠিন আছিল বুলি শিক্ষার্থীসকলে কৰি অহা অভিযোগৰ পৰিপ্ৰেক্ষিতত সমাজ বিজ্ঞানত সকলোৰে বাবে অতিৰিক্ত নম্বৰৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যখনৰ বিভিন্ন স্থানত চৰকাৰে ৰূপায়ণ কৰা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেৰগাঁৱত সৰুসজাইৰ দৰে বৃহৎ ক্রীড়া প্ৰকল্প নিৰ্মাণ কৰা হ’ব আৰু দেৰগাঁৱৰ পুলিচ একাডেমীত আৰক্ষী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। তেওঁ লগতে দিল্লীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে পথৰ নামকৰণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।
Assamese | March 17, 2025 7:35 PM | CM
অহা মে’ত ৯ হাজাৰ স্নাতকোত্তৰ শিক্ষক পদ ফলাফল ঘোষণা