মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউনটেক ফুণ্টশ্ব’ আৰু বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ফুন্টশ্বেৰ সৈতে হোৱা বৈঠকত ভাৰত আৰু ভূটানৰ মাজত কৃষি, বাণিজ্য, পর্যটন, শিক্ষা আৰু শক্তি খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। বিশ্ব বেংকৰ ভাৰতৰ সঞ্চালক অগস্তে ভানো কৌয়ামেৰ সৈতে হোৱা বৈঠকত ঔদ্যোগিক উদ্যানৰ আন্তঃগাঁথনি নিৰ্মাণ, কৃষি আৰু আনুষঙ্গিক খণ্ডসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰা আই এফ চিৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত ৰাজহুৱা ব্যক্তিগত সহযোগিতা আৰ্হিক সমৰ্থন কৰা আদি বিষয়ে স্থান লাভ কৰে ।
Assamese | February 28, 2025 1:34 PM | CM
ইউনটেক ফুণ্টশ্ব’ ড° অগস্তে ভানো কৌয়ামেৰৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক