June 17, 2026 8:32 PM | cm pm 12 years

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল ১২ বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে গুৱাহাটীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল ১২ বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। 

অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতা-কর্মী উপস্থিত থাকে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া শাসন কালৰ সফলতাক লৈ আজি পশ্চিম কাৰ্বি আংলঙৰ টুমপ্লেঙত আজিৰে পৰা ২১ জুনলৈ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাইয়ে এই প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ ১২ বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান দাঙি ধৰে।

মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলা পুথিভঁৰালত এই উপলক্ষে জৈৱিক খেতিৰ সন্দৰ্ভত বিশেষ কৰ্মশালা আৰু বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে অনুষ্ঠানত উপস্থিত থাকি কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ১২গৰাকীকৈ যোগ্য হিতাধিকাৰী কৃষকক শালি ধানৰ বীজ আৰু তিলৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ খাৰিফ বতৰৰ বীমাকৰণ প্ৰক্ৰিয়াও মুকলি কৰা হয়।

শ্রীভূমি জিলাৰ আকবৰপুৰত প্ৰাকৃতিক আৰু জৈৱিক কৃষি বিষয়ক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিগৰাকীয়ে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিত মনোনিবেশ কৰিবলৈ কৃষকসকলৰ প্ৰতি আহ্বান জনায় ।

ধেমাজি পৌৰসভাৰ উদ্যোগত আৰু বিজেপিৰ ধেমাজি নগৰ মণ্ডলৰ সহযোগত আজি ১২ বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। এই কৰ্যসূচীত ভালেমান ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আয়োজিত কার্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত কার্যসূচীত উপস্থিত থাকি শ্রীদাসে কয় যে ২০৪৭ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত কৃষকসকলক বছৰত একাধিক খেতি কৰিবলৈ আহ্বান জনায়।