June 17, 2026 8:32 PM
7
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল ১২ বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে গুৱাহাটীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল ১২ বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতা-কর্মী উপস্থিত থাকে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া শাসন কালৰ সফলতাক লৈ আজি ...