বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ আৰম্ভ হৈছে। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পুৱা মহোৎসৱৰ মুখ্য তোৰণ উদঘাটন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাজ্যিক পুৰাত্তত্ব বিভাগৰ সঞ্চালিকা ড° দীপিৰেখা কুলীয়ে মহোৎসৱৰ গ্ৰন্থ, বস্ত্ৰ আৰু কৃষিমেলা উদ্বোধন কৰিব। ইয়াৰ পাছতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মোহনে পৰম্পৰাগত খাদ্য মেলা উদ্বোধন কৰিব। প্ৰাক্তন মন্ত্ৰী হিৰণ্য কুমাৰ কোঁৱৰে মঞ্চ মুকলি কৰাৰ পাছতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব। সন্ধিয়া সাংস্কৃতিক মঞ্চত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি ৫ হাজাৰ শিল্পীয়ে মায়াবিনী গীতটো পৰিৱেশন কৰিব। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকর্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ য়ুন্নান প্রদেশৰ মাউলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমী চাউলুং চুকাফাৰ অসম আগমণৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। ৫০ ফুট দৈর্ঘ্য্য আৰু ৭ ফুট প্রস্থৰ এই বৃহৎ কলেবৰৰ কেনভাছখনত আহোম যুগৰ কেতবোৰ স্মৰণীয় দৃশ্যাৱলী সজীৱভাৱে জিলিকি উঠিছে।
Assamese | January 9, 2026 12:55 PM | charaideu mahotsav
বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ