চানমাৰিৰ উৰণ সেতুৰ মেৰামতি সংক্ৰান্তীয় কামৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা চানমাৰি ট্ৰেফিক পইণ্টলৈ অহা সকলো যান-বাহনৰ চলাচল অহা ১৩, ১৫ আৰু ১৭ অক্টোবৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব। নিউ গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সূত্ৰই এখন ৰাজহুৱা জাননীৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি বন্ধ থাকিবলগীয়া পথসমূহৰ বিকল্প হিচাপে ৰাজগড়-পূব শৰণীয়া পথ, এম টি ৰোড-বামুণীমৈদাম ৰে’লৱে ক’লনী ৰোড, মঠঘৰীয়া-নুনমাটি পথ, কৃষ্ণনগৰ-মিলনপুৰ পথ জনসাধাৰণে যাতায়তৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।
Assamese | October 10, 2025 6:55 PM | chandmari fly over
চানমাৰিৰ উৰণ সেতুৰ মেৰামতিৰ বাবে ৩ দিন নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যান-বাহনৰ চলাচল বন্ধ