January 24, 2026 9:44 PM

views 96

আজি নিশাৰে পৰা পৰৱৰ্তী ১৫ দিনলৈ চানমাৰী উৰণ সেতুখনৰ এটা পথৰ যান-বাহনৰ চলাচল বন্ধ

দিঘলীপুখুৰীৰ পৰা নুনমাটীলৈ নির্মীয়মান উৰণ সেতুখন চানমাৰী উৰণ সেতুৰ সৈতে সংযোগ কৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত উৰণ সেতুখনেৰে পৰৱৰ্তী ১৫ দিনলৈ যান-বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। মহানগৰ যান-বাহন আৰক্ষীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। সেই অনুসৰি আজি নিশাৰে পৰা পৰৱৰ্তী ১৫ দিনলৈ উৰণ সেতুখনৰ এটা পথেৰে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হ'ব। এই যান-বাহনসমূহে ৰাজগড়-ভঙাগড় পথেৰে যাত্ৰা কৰিব লাগিব বুলি গুৱাহাটী মহানগৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰে।

October 10, 2025 6:55 PM

views 67

চানমাৰিৰ উৰণ সেতুৰ মেৰামতিৰ বাবে ৩ দিন নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যান-বাহনৰ চলাচল বন্ধ

চানমাৰিৰ উৰণ সেতুৰ মেৰামতি সংক্ৰান্তীয় কামৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা চানমাৰি ট্ৰেফিক পইণ্টলৈ অহা সকলো যান-বাহনৰ চলাচল অহা ১৩, ১৫ আৰু ১৭ অক্টোবৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব। নিউ গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সূত্ৰই এখন ৰাজহুৱা জাননীৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি বন্ধ থাকিবলগীয়া পথসমূহৰ বিকল্প হিচাপে ৰাজগড়-পূব শৰণীয়া পথ, এম টি ৰোড-বামুণীমৈদাম ৰে'লৱে ক'লনী ৰোড, মঠঘৰীয়া-নুনমাটি পথ, কৃষ্ণনগৰ-মিলনপুৰ...