কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে। একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰি থকা বুলি পৰিষদে প্ৰকাশ কৰিছে। এই অভিযোগ সমূহ ভিত্তিহীন আৰু ইয়াৰ উদ্দেশ্য পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলৰ মনত ভয় আৰু উৎকণ্ঠা সৃষ্টিৰ উদ্দেশ্যেৰে এইধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰা হৈছে বুলি পৰিষদে মন্তব্য কৰে। পৰিষদৰ বিষয়ববীয়াই পৰীক্ষাৰ সৈতে জড়িত সকলো ব্যৱস্থাৰ অহৰহ পৰ্যবেক্ষণ কৰি আছে আৰু ভুল তথ্য প্ৰচাৰৰ বাবে জগৰীয়া লোকৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি পৰিষদে জানিবলৈ দিয়ে। পৰিষদে লগতে অভিভাৱকসকলক এই ধৰণৰ উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনায়। পৰীক্ষা সম্বন্ধীয় সকলো ধৰণৰ তথ্য পৰিষদৰ ৱেৱছাইট www.cbse.gov.in ত উপলব্ধ বুলিও পৰিষদে পৰীক্ষাৰ্থী, অভিভাৱক আৰু বিদ্যালয়সমূহক আশ্বস্ত কৰে।
Assamese | February 18, 2025 11:59 AM | CBSC borad exam
দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰচাৰিত অভিযোগ খণ্ডন কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ