খেল

March 17, 2025 12:41 PM

views 35

বেংককত অনুষ্ঠিত বিংশ বিশ্ব মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বিপত অসমৰ লোপামুদ্ৰা বৰাৰ ৰূপৰ পদক অৰ্জন

থাইলেণ্ডৰ বেংককত যোৱা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত বিংশ বিশ্ব মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বিপৰ ১৮ বছৰ অনূর্ধ্ব ৪৫ কিলোগ্রাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ লোপামুদ্ৰা বৰাই ৰূপৰ পদক লাভ কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰৰ ক্ৰীড়াবিদগৰাকীৰ এই সাফল্যত ৰাজ্যবাসীয়ে সন্তোষ প্রকাশ কৰিছে।

March 17, 2025 12:39 PM

views 19

ইণ্টাৰনেচনেল মাষ্টাৰ্ছ লীগ টি-টুৱেণ্টী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া মাষ্টাৰ্ছ

শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া মাষ্টাৰ্ছে ইণ্টাৰনেচনেল মাষ্টাৰ্ছ লীগ টি-টুৱেণ্টী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কালি অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত দলটোৱে ব্রায়ান লাৰা নেতৃত্বাধীন ৱেষ্ট ইণ্ডি...

March 16, 2025 7:58 PM

views 40

হকী ইণ্ডিয়া জামানলাল শৰ্মা বঁটা ২০২৪ ৰে প্ৰচাৰ ভাৰতীক সন্মানিত

প্ৰচাৰ ভাৰতীক কালি নতুন দিল্লীত অনুষ্ঠিত হকী ইণ্ডিয়া সপ্তম বার্ষিক বঁটা ২০২৪ ৰ হকী ইণ্ডিয়া জামানলাল শৰ্মা বঁটা ২০২৪ ৰে সন্মানিত কৰা হৈছে। সমগ্ৰ দেশতে হকীৰ প্ৰচাৰ আৰু সম্প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচাৰ ভাৰতীৰ অক্লান্ত প্ৰচেষ্টাক সন্মান জনাই এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত হকী ইণ্ডিয়াই ১৯৭৫ চনৰ বিশ্বকাপৰ...

March 16, 2025 7:14 PM

views 25

যোদ্ধাৰ উদ্যোগত খুমটাইত হাফ মাৰাথান দৌৰ অনুষ্ঠিত

গোলাঘাট জিলাৰ সামাজিক বেচৰকাৰী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত আজি খুমটাইত হাফ মাৰাথান দৌৰ অনুষ্ঠিত হয়। ৰাজ্যত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ তথা গুটখা জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে সামাজিক সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্রতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত খুমটাই সমষ্টিৰ বিধায়ক মৃন...

March 16, 2025 1:28 PM

views 46

মুম্বাই ইণ্ডিয়ানছৰ মহিলা প্ৰীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল

মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা মুম্বাইত অনুষ্ঠিত ফাইনেলত ডেলহী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি হৰমনপ্রীত কৌৰৰ ৬৬ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে। প্ৰত্...

March 16, 2025 1:23 PM

views 39

২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন

কাজিৰঙাত অহা ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন কৰা হৈছে। দবা প্রতিযোগিতাৰ লগতে মহোৎসৱত শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া দবা কৰ্মশালা, দবা আৰু পৰ্যটন সম্পৰ্কীয় কুইজ, দবা খেলৰ বোলছবি প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব। কঁহৰাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত ১০ বছ...

March 15, 2025 8:21 PM

views 14

থাইলেণ্ডত অনুষ্ঠিত ন’নটাবুৰি টেনিচ প্রতিযোগিতাত ভাৰতৰ বৈদেহি চৌধুৰী-ৰশ্মিকা ভামি দিপতিৰ মহিলা ডাবলছৰ খিতাপ অৰ্জন

ভাৰতৰ বৈদেহি চৌধুৰী আৰু ৰশ্মিকা ভামি দিপতিয়ে থাইলেণ্ডত অনুষ্ঠিত ন’নটাবুৰি টেনিচ প্রতিযোগিতাৰ মহিলা ডাবলছৰ খিতাপ অৰ্জন কৰিছে। বৈদেহি আৰু ৰশ্মিকাৰ যুটিটোৱে আজি বিয়লি অনুষ্ঠিত ফাইনেলত থাইলেণ্ডৰ পুনিন আৰু জাপানৰ য়ুকি নাইটোৰ যুটিটোক ৬-৪, ৬-৩ পোনপটীয়া ছেটত পৰাস্ত কৰে ৷

March 14, 2025 11:28 AM

views 47

বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ খিতাপ অৰ্জন উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সন্থাৰ

■ উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্ৰীড়া সন্থাই প্ৰথমবাৰৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে কালি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবক টাইব্ৰেকাৰৰ সহায়ত ৭-৬ৰ ব্যৱধানত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত অমিমাংসিত হোৱাৰ প...

March 13, 2025 3:32 PM

views 48

অষ্ট্ৰেলিয়ান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱেলাৱন ছেন্থিল কুমাৰ

ভাৰতৰ ৱেলাৱন ছেন্থিল কুমাৰে অষ্ট্ৰেলিয়ান অ’পেন স্কোৱাছ প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেন্থিল কুমাৰে কালি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত অষ্ট্ৰেলিয়াৰ যোছেফ হোৱাইটক ৩-০ ফলাফলত পৰাস্ত কৰে। বিশ্বৰ ৪৩ সংখ্যক স্থানৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্...

March 13, 2025 3:24 PM

views 42

সন্ধিয়া ৭.৩০ বজাত মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলখনত আজি মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দেলহী কেপিটেলছে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। তালিকাৰ দ্বিতীয় স্থানৰ মুম্বাই ইণ্ডিয়ান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।