June 20, 2025 11:43 AM | India-England Test

printer

ভাৰত-ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফীৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি আৰম্ভ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফী ৫ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লীডছৰ হেডিংলি ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ’ব। বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পাছৰ এই ইংলেণ্ড ভ্রমণেৰে শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলে নতুন অধ্যায়ৰ পাতনি মেলিব। প্ৰথমখন খেল আৰম্ভ হোৱাৰ পূৰ্বে উপ-অধিনায়ক ঋষভ পণ্টে কয়, যে অধিনায়ক গীলৰ সৈতে খেল পথাৰৰ বাহিৰৰ মিত্ৰতাই এই শৃংখলাত সহায় কৰিব ।
বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ বিষয়ে উল্লেখ কৰি পণ্টে কয়, যে খেলুৱৈ দুগৰাকীৰ অনুপস্থিতিয়ে ব্যৱধানৰ সৃষ্টি কৰিব যদিও এয়া নতুন সংস্কৃতি গঢ়াৰ সুযোগৰূপে পৰিগণিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।