আঞ্চলিক সংবাদ

November 15, 2025 12:15 PM

views 56

বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশ বুলি উল্লেখ কৰিছে। তেওঁ কয়, যে এই নির্বাচনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক অস্বীকাৰ কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত শ্র...

November 14, 2025 9:55 PM

views 46

আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মানসিক চাপ নিয়ন্ত্ৰণৰ নিদান দিব মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে

ৰাজ্যত বিধানসভা নির্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয়-মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বর্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পৰি, সেই বিষয়ে কাইলৈ...

November 14, 2025 9:42 PM

views 40

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন

আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীলৈ জন্ম বার্ষিকীত গভীৰ শ্রদ্ধা জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো শিশু দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে ...

November 14, 2025 9:34 PM

views 44

ধেমাজিৰ গোগামুখৰ গাৰ্লছ হাইস্কুলত প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখৰ গাৰ্লছ হাইস্কুলত এটা প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অনুদানেৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰশাসনিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মিছিং স্বায়ত্ত শাসিত...

November 14, 2025 9:30 PM

views 37

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত মিমিক্রি প্রতিযোগিতাত মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ডেনিছ নাথৰ প্ৰথম স্থান

সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত মঙলদৈ মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ ডেনিছ নাথে মিমিক্রি অর্থাৎ কণ্ঠ নকল প্রতিযোগিতাত প্ৰথম স্থান অৰ্জন কৰিছে। মঙলদৈ মহাবিদ্যালয় দলে নাট প্রতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ লগতে ডেনিছ নাথে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মানো অৰ্জ...

November 14, 2025 9:27 PM

views 40

ডিব্ৰুগড়ৰ বুঢ়িদিহিং নদীৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধ কাৰ্যৰ শুভাৰম্ভ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ

ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি ডিব্ৰুগড়ৰ বুঢ়িদিহিং নদীৰ মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কাৰ্যৰ শুভাৰম্ভ কৰে। নাবাৰ্ডৰ ৫ কোটি আৰু অইল ইণ্ডিয়া লিমিটেডৰ চাৰে চাৰি কোটি টকাৰ পুঁজিৰে মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয...

November 14, 2025 9:23 PM

views 39

তিনিচুকীয়া জিলাৰ গুইজানত অনুষ্ঠিত স্বাস্থ্য শিবিৰত ২,২৫৪ গৰাকী কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা

তিনিচুকীয়া জিলাৰ গুইজানত আজি অনুষ্ঠিত স্বাস্থ্য শিবিৰত ১৮ বছৰ অনুর্ধ ২ হেজাৰ ২৫৪ গৰাকী কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। ইয়াৰ পূৰ্বে জিলাখনৰ ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া আৰু তিনিচুকীয়া সমষ্টিৰ স্বাস্থ্য শিবিৰসমূহত প্ৰায় ১৩ হাজাৰ ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। আজিৰ শিবিৰৰ ...

November 14, 2025 9:20 PM

views 75

গুৱাহাটীৰ চচলত অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ উদ্যোগত সদৌ অসম টেনিছ সন্থাই গুৱাহাটীত দুখনকৈ আন্তর্জাতিক প্রতিযোগিতাৰ আয়োজন কৰিছে। অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখন ১৮ বছৰৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত...

November 14, 2025 7:56 PM

views 68

বিহাৰ বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনাধিষ্ঠিত এন ডি এ মৰ্চা পুনৰবাৰ চৰকাৰ গঠনৰ পথত

বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ প্ৰত্যাৱৰ্তন কৰিছে। এতিয়ালৈকে ঘোষিত ৯৩ খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৭ খনত জয়লাভ কৰিছে আৰু ৪৪ খনত আগবাঢ়ি আছে। সহযোগী দল জনতা দল ইউনাইটেডে ২৮ খন আসনত জয়লাভ কৰিছে আৰু ৫৫ খনত আগবাঢ়ি আছে। এন ডি এৰ অন্যতম অংশীদ...

November 14, 2025 7:54 PM

views 45

ধেমাজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত জন সমাবেশত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্ৰদান কৰে। এই আঁচনিৰ অধীনত চিচিবৰগাওঁ বিধানসভা সমষ্টিত ৩ হেজাৰ ৩৭০ টা আত্মসহায়ক গোটৰ ৩৪ হাজাৰ ৪৪৮ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয়।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।