সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ উদ্যোগত সদৌ অসম টেনিছ সন্থাই গুৱাহাটীত দুখনকৈ আন্তর্জাতিক প্রতিযোগিতাৰ আয়োজন কৰিছে। অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন ১৮ বছৰৰ অনুৰ্ধৰ ল’ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ’ব। কাইলৈ পুৱাৰে পৰা কোৱালিফাইং ৰাউণ্ডৰ খেলসমূহ আৰম্ভ হ’ব। মুঠতে ৬৬ গৰাকী খেলুৱৈ কোৱালিফাইং মেচ খেলাৰ পাছত ল’ৰা-ছোৱালী উভয়ৰে পৰা ৮ গৰাকীকৈ মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব। প্ৰতিযোগিতাত আয়োজক ভাৰতৰ লগতে জার্মানী, আমেৰিকা, শ্রীলংকা, জাপান, হংকং, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, কাজাখাস্তান, ফ্রান্স, মালয়েছিয়া, তুৰস্ক আৰু মেক্সিকোৰ খেলুৱৈয়ে যোগদান নিশ্চিত কৰিছে।
Assamese | November 14, 2025 9:20 PM | ITF junior tennis
গুৱাহাটীৰ চচলত অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা