আঞ্চলিক সংবাদ

November 20, 2025 12:23 PM

views 59

শোণিতপুৰ জিলাৰ ৫ গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত বিদেশী ন্যায়াধীকৰণৰ

বিদেশী ন্যায়াধীকৰণে শোণিতপুৰ জিলাৰ ৫ গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰিছে। জিলাখনৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট থানাৰ অধীনৰ ধোৱাকটা গাঁৱৰ এই মহিলাকেইগৰাকী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰে। জিলাখনৰ আয়ুক্ত আনন্দ কুমাৰ দাসে দিয়া নির্দেশনা অনুসৰি এই তথ্য পোহৰলৈ আহিছে। চিনাক্ত কৰা মহিলা কেই...

November 20, 2025 12:20 PM

views 25

সদৌ অসম সত্ৰ মহাসভাৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য ধেমাজিত উপস্থিত

সদৌ অসম সত্ৰ মহাসভাৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি পুৱা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য ধেমাজিত উপস্থিত হয়। পুৱা ৰে'লযোগে ধেমাজি বে'ল ষ্টেচনত উপস্থিত হোৱা ৰাজ্যপালগৰাকীক আৰক্ষী প্ৰশাসন আৰু বিজেপিৰ দলীয় কৰ্মকর্তাসকলে আদৰণি জনায়। ৰাজ্যপালগৰাকীয়ে সদৌ অসম সত্ৰ মহাসভাৰ ৰূপালী জয়...

November 20, 2025 12:15 PM

views 42

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে উজনি অসমৰ জিলাসমূহত প্রতিবাদী কার্যসূচী অব্যাহত

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে উজনি অসমৰ ডিব্ৰুগড়কে ধৰি জিলাসমূহত প্রতিবাদী কার্যসূচী অব্যাহত আছে। কালি সদৌ অসম টাই-আহোম ছাত্ৰ সন্থাই ডিব্ৰুগড়ত জোঁৰ সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ বৰপথাৰ হাইস্কুল খেলপথাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ কুমাৰণিছিগালৈকে এই সমদল উলিওৱা হয়। পাঁচ হাজাৰৰো অধিক ল...

November 20, 2025 12:13 PM

views 45

গীত-মাতে তিনিশতাধিক শিল্পীৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যোৱা নিশা ৰাজ্যখনৰ প্রায় ৩০০ গৰাকী শিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰে। কেইবাগৰাকীও ন-পুৰণি শিল্পীয়ে শ্রীশ্রীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন ...

November 20, 2025 12:11 PM

views 49

নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ দেশৰ ভিতৰতে প্রথম স্থান লাভ

নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে প্রথম স্থান লাভ কৰিছে। শেহতীয়াকৈ প্রকাশিত তথ্য অনুসৰি নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্টীয় গড় ৪৪ দশমিক ৯-৬ৰ বিপৰীতে অসমে ৭২ দশমিক ০-৩ স্ক'ৰ লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি এই তথ্যই প্রশাসনিক ...

November 19, 2025 9:02 PM

views 48

গুৱাহাটীৰ বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত মুকলি কৰা হ’বঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান ছহিদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

November 19, 2025 8:57 PM

views 47

গুৱাহাটীৰ চানমাৰিত ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী শিল্পীৰ গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ

অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী শিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰিছে। কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন ...

November 19, 2025 8:44 PM

views 42

ডিব্ৰুগড় জিলাৰ লাহোৱালত বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক

ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে আজি বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কুঁৱৰীপথাৰৰ পুলিন দাস নামৰ লোকজনৰ বাসগৃহৰ পৰা ৩ কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আৰক্ষীয়ে লগতে পুলিন দাসৰ পত্নীকো আটক কৰে। দীৰ্ঘদিন ধৰি তেওঁলোকে ভাং সৰবৰাহৰ সৈতে জ...

November 19, 2025 8:42 PM

views 57

গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত

অহা ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাৰ অসম ক্রিকেট এছোছিয়েছনৰ খেলপথাৰত হ’বলগীয়া গুৱাহাটী টেষ্টৰ বাবে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত হয়। দুয়োটা দলকে বিশেষ ছাৰ্টাৰ্ড বাছেৰে বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয়। বিমান বন্দৰ আৰু হোটেলত দল দুটাৰ অগণন অনুৰাগীয়ে তেওঁলোকক হৰ...

November 19, 2025 7:46 PM

views 65

সৰভোগৰ গান্ধী ময়দানত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন

জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আজি সৰভোগৰ গান্ধী ময়দানত শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সংগীত পৰিচালক দিগন্ত ভাৰতী, পৰিচালক শশাংক সমীৰ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই এই অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীক শ্ৰদ্ধাৰে স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।