কানাডাৰ ট’ৰণ্ট’ চহৰত উলিওৱা ৰথ যাত্ৰাৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে ব্যাঘাত জন্মোৱা কাৰ্যৰ বিৰুদ্ধে ভাৰতে তীব্ৰভাৱে গৰিহণা দিছে। এই ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰিবলৈ ভাৰতে কানাডাৰ কৰ্তৃপক্ষক আহ্বান জনাইছে। সাংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে এই ঘটনা সন্দৰ্ভত কয়, যে ৰথ যাত্ৰাৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে ব্যাঘাত জন্মোৱাৰ বিষয়ে আমি অৱগত হৈছো। তেওঁ কয়, যে এই কাৰ্য অতি ঘৃণনীয় আৰু একতা, সম্প্রীতি তথা উৎসৱৰ বিৰোধী। শ্ৰীজয়ছোৱালে কয়, যে কানাডাৰ কৰ্তৃপক্ষৰ ওচৰত ভাৰতে ঘটনাৰ তদন্তৰ দাবী কৰিছে। কানাডাৰ চৰকাৰে ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জনসাধাৰণৰ ধর্মীয় অধিকাৰক ৰক্ষণাবেক্ষণ দিব বুলি শ্ৰীজয়ছোৱালে আশা প্ৰকাশ কৰে।
Assamese | July 15, 2025 11:37 AM | Canada
কানাডাৰ ট’ৰণ্ট’ চহৰত উলিওৱা ৰথ যাত্ৰাত দুষ্কৃতিকাৰীৰ ব্যাঘাতক ভাৰতৰ তীব্ৰ গৰিহণা