বি টি চি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্রার্থীসকলৰ হৈ প্ৰচাৰ চলাই আছে। বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োই বাক্সা জিলাৰ মঠনগুৰি সমষ্টিৰ বাগাপাৰাৰ এখন দলীয় সভাত অংশ লয়। তেওঁ সমষ্টিটোৰ ইউ পি পি এলৰ প্ৰাৰ্থী মাখন স্বর্গীয়াৰীৰ সমর্থনত প্ৰচাৰ চলায় আৰু দলীয় কর্মীসকলৰ সৈতে মত বিনিময় কৰে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক তথ্য আয়োগৰ সচিব অতুল কুমাৰ শৰ্মা আৰু ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব ক্ষিতীশ চন্দ্ৰ পেণ্ড আজি তামুলপুৰত উপস্থিত হয়। নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে জিলা আযুক্ত তথা জিলা নির্বাচনী বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।
Assamese | September 3, 2025 8:06 PM | BTC election
বি টি চি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত