বড়োলেও স্বায়ত্ত শাসিত পৰিষদৰ সমাগত সাধাৰণ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আজি ওদালগুৰি জিলাৰ ভেৰগাঁও মণ্ডলত আয়োজিত এখন দলীয় সাংগাঠনিক সভাত ৰাজ্যিক বিজেপিৰ নেতা আৰু বিধানসভা অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্রী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। সভাত ভেৰগাঁও অঞ্চলৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ স্বৰান্বিতকৰণ আৰু জনসাধাৰণ সহযোগিতাৰ আগবঢ়াব পৰা কাৰ্যপদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই নির্বাচনত মূলতঃ বিপিএফ, ইউ পি পি এল আৰু বিজেপিৰ সমান্তৰালকৈ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টিয়েও শক্তিশালী ৰূপত নিজকে প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। দলটোৱে কালি মিছন সুৰক্ষা ২০২৫ শীর্ষক এটা পদযাত্ৰাৰ কাৰ্যসূচীৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰে। বি পি এফৰ সম্ভাব্য মিত্রতা সন্দর্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্রী শৰণীয়াই কয় যে এই বিষয়ত এতিয়াও স্পষ্টকৈ কব পৰা হোৱা নাই।
Assamese | July 31, 2025 8:28 PM | BTC election
বিটিচিৰ সমাগত সাধাৰণ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি