বি টি চিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত আজি হিতাধিকাৰী আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ মুদৈবৰি পৰিষদীয়া সমষ্টিৰ কলাইগাঁৱত অনুষ্ঠিত সভাত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউ জি ব্রহ্ম, ইউ পি পি এলৰ নেতা খাম্ফা বৰগয়াৰিকে ধৰি দলটোৰ বহু কেইগৰাকী নেতা-কর্মী উপস্থিত থাকে। সভাত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে সভাত উপস্থিত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত কেন্দ্ৰ, ৰাজ্য আৰু পৰিষদীয় চৰকাৰখনে জনসাধাৰণৰ বাবে ৰূপায়ণ কৰি অহা ধবজাবাহী আঁচনিসমূহৰ সন্দৰ্ভত বিতংকৈ ব্যাখ্যা কৰে।
Assamese | July 11, 2025 7:54 PM | BTC
বি টি চিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত আজি হিতাধিকাৰী আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত