ভাৰত সঞ্চাৰ নিগম লিমিটেড – BSNL-এ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্রিমাসিকত একেৰাহে ২৬০ কোটি আৰু ২৮০ কোটি টকাৰ লাভ পঞ্জীয়ন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বি এছ এন এলৰ মুখ্য মহা-প্ৰৱন্ধকৰ উচ্চ পৰ্য্যায়ৰ প্ৰথমখন পৰ্য্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই এইদৰে কয়। বি এছ এন এলৰ সহযোগত দূৰসংযোগ বিভাগে আয়োজন কৰা এই বৈঠকত দূৰসংযোগৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০২৪-২৫ বৰ্ষত অভিলেখ পৰিমাণৰ ধন বিনিয়োগ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে BSNL-এ বিগত বৰ্ষত ৮ কোটি ৫৫ লাখ গ্ৰাহকৰ পৰা চলিত বৰ্ষৰ জুন মাহ পৰ্য্যন্ত ৯ কোটি গ্রাহক সংযোগ কৰিবলৈ সমৰ্থ হৈছে।
Assamese | July 28, 2025 9:08 PM | Akashvani News | BSNL
BSNL-এ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্রিমাসিকত একেৰাহে ২৬০ কোটি আৰু ২৮০ কোটি টকাৰ লাভ পঞ্জীয়ন