বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰি অহা ঐতিহাসিক ডিব্ৰুগড় চহৰ এইবাৰো খহনীয়াৰ সমস্যাৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। চলিত বৰ্ষত ১২টাকৈ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে ক্ৰমাৎ চহৰখনৰ আৱাসীসকলৰ সমস্যাৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত মাইজান অঞ্চলৰ মূল মথাউৰি ইতিমধ্যে স্থানান্তৰ কৰিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ মূল সুঁতি একেবাৰে চাপি অহাৰ ফলত খৰালি কালতো গৰাখহনীয়াৰ সমস্যাই দেখা দিছে। ইপিনে, দুলীয়াজান বিধানসভা সমষ্টিৰ দিহিং কিনাৰ নেপালী গাঁৱত বুঢ়ী দিহিং নৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে। জনসাধাৰণে এই সমস্যাৰ পৰা ৰেহাই পোৱাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক আবেদন জনাইছে।
Assamese | May 8, 2024 8:16 PM | Brahamputra | brahmaputra erosion dibrugarh | Dibrugarh
ঐতিহাসিক ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে