মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন প্রকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়। গুৱাহাটীৰ নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ ১ দশমিক ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা সুৰক্ষিত, উন্নত কৰি নিৰ্মাণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ পাৰক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী ৰূপত গঢ়ি তোলা হৈছে। মুখ্যমন্ত্রীয়ে লগতে ফাঁচী বজাৰৰ গেটবে অব্ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল পৰিদৰ্শন কৰে। মুখ্যমন্ত্রীয়ে কয়, যে নতুনকৈ সংযোজিত হ’বলগীয়া এই প্রকল্প দুটা বিত্তমন্ত্রী নির্মলা সীতাৰমনে নৱেম্বৰত ৰাইজলৈ উচৰ্গা কৰিব।
Assamese | October 30, 2025 12:34 PM | CM
ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ