ভাৰতৰ বক্সাৰ পৱন বার্তৱালে চতুর্থ থাইলেণ্ড অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুর্ণামেণ্টৰ ৫৫ কেজি শিতানৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি বেংককত কাম্ব’ডিয়াৰ ছাঅ’ ৰাংছেক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে ৷ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ৰূপৰ পদকজয়ী পৱনে কালি দুর্দান্ত প্ৰদৰ্শনেৰে প্ৰতিপক্ষক দিশহাৰা কৰি তোলে। প্রতিযোগিতাত এয়া আছিল খেলুৱৈগৰাকীৰ ক্ৰমাগত দ্বিতীয় জয়। চীন, কাজাখাস্তান, উজবেকিস্তান, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডৰ শ্ৰেষ্ঠ বক্সাৰসকলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতালৈ ভাৰতে ১৯জনীয়া এটি দল প্ৰেৰণ কৰিছে।
Assamese | May 26, 2025 1:05 PM | Boxing
পৱন বার্তৱাল চতুর্থ থাইলেণ্ড অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুর্ণামেণ্টৰ ৫৫ কেজি শিতানৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ