টাটা ন্যাস আৰু অসম চৰকাৰৰ উদ্যোগত বৰপেটাত স্থাপন কৰা কেন্সাৰ কেয়াৰ প্ৰতিষ্ঠানত আজি এটা অত্যাধুনিক পেট চিটি স্কেন মেচিন সংস্থাপন কৰা হয়। কৰ্কট ৰোগৰ উপৰি ৰোগীয়ে দীৰ্ঘদিন ধৰি ভুগি থকা বিভিন্ন ৰোগৰ সঠিক আৰু দ্ৰুত চিনাক্তকৰণৰ বাবে সংস্থাপন কৰা এই মেচিনটো আজি অসম কেন্সাৰ কেয়াৰ সংস্থাৰ মুখ্য পৰিচালন বিষয়া ডা০ জয়প্রকাশ প্ৰসাদে ৰাইজৰ বাবে মুকলি কৰে। এই মেচিনটো সংস্থাপনৰ ফলত বৃহৎ সংখ্যক লোক উপকৃত হ’ব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।
Assamese | August 22, 2024 6:15 PM | Borpeta
বৰপেটাৰ কেন্সাৰ কেয়াৰ প্ৰতিষ্ঠানত অত্যাধুনিক পেট চিটি স্কেন মেচিন সংস্থাপন