October 22, 2024 6:05 PM | Borpeta

printer

বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰী সভা

বৰপেটা জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন জৰুৰী সভা জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই সভাত দুৰ্যোগৰ সময়ত ক্ষিপ্ৰতাৰে ল‘বলগীয়া সিদ্ধান্ত আৰু গ্ৰহণ কৰিবলগীয়া অন্যান্য ব্যৱস্থা সম্পর্কে আলোচনা কৰা হয়। এই বৈঠকত ৰাজ্যিক দুৰ্যোগ প্ৰতিৰোধ পুঁজি চমুকৈ এছ ডি আৰ এফ আৰু ৰাজ্যিক দুর্যোগ প্রশমন পুঁজিৰ প্ৰস্তাৱসমূহত অনুমোদন জনোৱাৰ লগতে দুর্যোগ ব্যৱস্থাপনা বিষয়ত বিতংভাৱে আলোচনা কৰা হয় ৷ বৈঠকখনত লগতে জিলাখনত দুৰ্যোগৰ সময়, সুৰক্ষা আৰু প্ৰস্তুতি সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি সাহায্য অভিযানৰ সৈতে জড়িত কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। বৈঠকত জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া, চক্র বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰববীসকল আৰু কেইবাগৰাকী বিধায়কে অংশগ্ৰহণ কৰে।