ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক, বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ লগতে পূৰ্বৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ কুমাৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পাছত কালি ১৫ টা সমষ্টিৰে গঠিত পৰিচালনা সমিতিৰ সদস্য আৰু বুঢ়া সত্ৰীয়া পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, ডেকা সত্ৰীয়া আৰু সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে।
Assamese | October 1, 2024 7:04 PM | Borpeta
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত