বৰাক উপত্যকাৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু একাংশ মহাবিদ্যালয়ত বানপীড়িত সকলৰ বাবে সাহায্য শিবিৰ মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত আজি অনুষ্ঠিত হ’বলগীয়া টি ডি চি আৰু ছেমিষ্টাৰৰ পৰীক্ষাসমূহ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে স্থগিত ৰখা হৈছে। অৱশ্যে অহা ৬ জুনৰ পৰা হ’বলগীয়া বাকী সকলো পৰীক্ষা নির্ধারিত সময়মতেই অনুষ্ঠিত হ’ব বুলি অসম বিশ্ববিদ্যালয় কর্তৃপক্ষই এটা বিজ্ঞপ্তিযোগে প্রকাশ কৰিছে। ইপিনে শেহতীয়া বান পৰিস্থিতিৰ বাবে নগাঁও জিলা আয়ুক্তই কামপুৰ ৰাজহ চক্ৰৰ লগতে আন আন বানপীড়িত অঞ্চলৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহ অনির্দিষ্টকাললৈ বন্ধ ৰখাব নির্দেশনা জাৰি কৰিছে।
Assamese | June 1, 2024 2:06 PM | Assam | Assam Flood
বৰাক উপত্যকাত সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে টি ডি চি আৰু ছেমিষ্টাৰৰ পৰীক্ষাসমূহ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে স্থগিত