ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ বিশ্বৰ এক নম্বৰ স্থানৰ যুটীটো আজি মণ্টে কার্লো মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’য়েছিয়াৰ মেট পাৱিক আৰু এল ছালভাডোৰৰ মাৰ্ছেলো এৰেৱলোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৫ বাজি ১০ মিনিটত আৰম্ভ হ’ব। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত আজি ভাৰতৰ আন এগৰাকী খেলুৱৈ সুমিত নাগল ডেনমাৰ্কৰ হোগৰ ৰুনেৰ সন্মুখীন হ’ব। ইয়াৰ পূৰ্বে দেওবাৰে নাগল ৪২ বছৰৰ মূৰৰ এই প্ৰতিযোগিতাত মূল পৰ্যায়ত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ ৰূপে পৰিগণিত হৈছিল। ইয়াৰ আগেয়ে ১৯৮২ চনত ৰমেশ কৃষ্ণণে এই প্রতিযোগিতাৰ মূল পৰ্যায়ত প্ৰৱেশ কৰিছিল।
Assamese | April 10, 2024 12:23 PM | Bopanna-Abden | SPORTS
বোপন্না-এবডেনৰ মণ্টে কার্লো মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত