চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ হ’বলগীয়া বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা ৯ বজাত ড° মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ বিটিচিৰ কার্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে মুকলি কৰিব। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ মুকলি কৰা হ’ব। ইয়াৰ পাছতে প্রতিনিধি শিবিৰ আৰু স্বেচ্ছাসেবক শিবিৰসমূহ মুকলি কৰা হ’ব। দিনৰ চাৰে ১১ বজাত ‘সপোনৰ পৰা গন্তব্য স্থানলৈ, প্রতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল’ শীর্ষক আলোচনাচক্র অনুষ্ঠিত হ’ব। বিয়লি ৩ বজাত কবি সম্মিলন আৰু চাৰে ৪ বজাত ‘বড়োসকলৰ সমসাময়িক আর্থ-সামাজিক জীবন অন্বেষণ’ শীর্ষক আলোচনাচক্র অনুষ্ঠিত হ’ব। সন্ধিয়া ৬ বজাৰ পৰা প্ৰথম প্রতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। পৰহিলৈ স্মৃতিগ্রন্থ উন্মোচন আৰু বঁটা প্রদান কাৰ্যসূচী অনুষ্ঠিত হ’ব। ১১ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা।
Assamese | January 8, 2026 7:44 PM | Bodo Sahitya Sabha
বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ