অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত বিজেপিয়ে আজিৰে পৰা দেশজুৰি ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। চৰকাৰৰ দৃঢ় নেতৃত্ব আৰু সশস্ত্র বাহিনীৰ বীৰত্বৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে এই ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে ৷ অসমৰ বিভিন্ন ঠাইত আজি ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে স্বতঃস্ফূর্তভাৱে শোভাযাত্ৰা উলিয়ায়। অসম প্রদেশ বিজেপিয়ে কাইলৈৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানত এই ত্ৰিৰংগা যাত্ৰা উলিয়াব। অহা ২৩ মে’ লৈ হ’বলগীয়া এই অভিযানত সমাজৰ বিশিষ্ট ব্যক্তি, প্ৰাক্তন সেনা আৰু সমাজকৰ্মীসকলেও ভাগ ল’ব ।
Assamese | May 13, 2025 8:24 PM | bjp triranga yatra
অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত দেশজুৰি আজিৰে পৰা ১১ দিনীয়াকৈ বিজেপিৰ ত্ৰিৰংগা যাত্ৰা