বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকসকলৰ দুদিনীয়া গুৰুত্বপূৰ্ণ বৈঠক আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হৈছে। এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ উপস্থিত থাকিব। এই বৈঠকত লোকসভা নিৰ্বাচনৰ ফলাফল পুনৰীক্ষণ কৰাৰ লগতে ৰাজ্যসমূহত হ’বলগীয়া বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা আছে। তদুপৰি সংগঠনৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়েও বৈঠকত আলোচনা কৰা হ’ব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কৌশল প্ৰস্তুত কৰা হ’ব। এই বৈঠকৰ পাছত শনিবাৰ আৰু দেওবাৰে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু দলৰ ৰাজ্যিক সভাপতিৰ বৈঠক অনুষ্ঠিত হ’ব।
Assamese | July 25, 2024 7:04 PM | BJP meeting
আজিৰে পৰা নতুন দিল্লীত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকসকলৰ দুদিনীয়া বৈঠক