অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি নিৰ্বাচনী সমিতিৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই আসন দুখন সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ অন্তত ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য সভাৰ দুয়োখন আসনৰ বাবে ১০ গৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছে। আলোচনাৰ অন্তত প্ৰাৰ্থীসকলৰ নাম দিল্লীলৈ প্ৰেৰণ কৰা হৈছে বুলি শ্ৰী কলিতাই জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্য সভাৰ আসন দুখনৰ বাবে প্রার্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতি আৰু সংসদীয় ব’র্ডে সিদ্ধান্ত ল‘ব। উল্লেখযোগ্য যে এই আসন দুখনৰ বাবে ডাঃ ৰাজদীপ ৰয়, ৰূপম গোস্বামী, ড° প্ৰদীপ ঠাকুৰীয়া, ৰেখাৰাণী দাসবড়ো, মানৱ ডেকা, ৰামেশ্বৰ তেলী, মিছন ৰঞ্জন দাস, তপন গগৈ, অশোক ভট্টৰায় আৰু অনুপ সিং ৰাজপুৰোহিতে আবেদন দাখিল কৰিছে। ইপিনে, ৫ খন আসনৰ বাবে হ‘বলগীয়া বিধানসভা উপ-নির্বাচন সন্দৰ্ভত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে বিহালী, ঢলাই আৰু চামগুৰি সমষ্টিত বিজেপিয়ে প্রার্থিত্ব দিব। ইয়াৰ বিপৰীতে বঙাইগাঁৱত মিত্র দল অসম গণ পৰিষদ আৰু চিডলীত ইউ পি পি এলৰ প্ৰাৰ্থী থাকিব বুলি তেওঁ কয়। শ্রী কলিতাই লগতে কয় যে উপ-নির্বাচন আৰু সমাগত পঞ্চায়ত নির্বাচন সন্দৰ্ভত বিতংকৈ আলোচনাৰ বাবে অহা ২৪ আগষ্টত বিজেপিৰ ক‘ৰ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হ‘ব।
Assamese | August 12, 2024 7:36 PM | BJP meeting
কইনাধৰাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত