অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰিছে। কাইলৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এইপর্যন্ত বিৰোধী দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। উল্লেখযোগ্য যে আজি এই সন্দৰ্ভত আলোচনাৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে প্ৰাৰ্থী দুগৰাকীৰ নাম চূড়ান্ত কৰাৰ বিষয়ে ঘোষণা কৰে ৷ উল্লেখযোগ্য যে অসম ৰাজ্যিক বিজেপিয়ে এই আসন দুখনৰ বাবে প্ৰেৰণ কৰা ১০ জনীয়া তালিকা সন্দৰ্ভত আজি বিতংভাৱে আলোচনা অনুষ্ঠিত হয়।
Assamese | August 20, 2024 8:00 PM | Assam BJP
ৰাজ্যসভাৰ দুখন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক বিজেপিৰ প্রার্থিত্ব প্ৰদান