মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে আজি মুম্বাইত মাইক্ৰ’ছফটৰ সহ-প্ৰতিষ্ঠাপক বিল গেইটছক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী গেইটছ মুখ্যমন্ত্ৰী ফাড়নাভিছে স্বাস্থ্য, কৃষি আৰু আন্তঃগাঁথনি খণ্ডত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সন্দৰ্ভত ফলপ্রসূ আলোচনা কৰে। দুয়োগৰাকী নেতাই ডিজিটেল শাসন আৰু সেৱাৰ অধিকাৰ বিষয়ত মহাৰাষ্ট্ৰক দেশৰ ভিতৰতে এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আলোচনাত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়ভিছৰ মহিলা স্ব-নিয়োজন আৰু আঁচনিৰ অধীনত ২৫ লাখ লাখপতি দিদি গঢ় দিয়াৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অংশীদাৰ হ’বলৈ গেইটছ ফাইণ্ডেছনে আগ্ৰহ প্ৰকাশ কৰে।
Assamese | March 20, 2025 7:59 PM | Bill gates
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিল গেইটছৰ