বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জীতেন্দ্র সিঙে আজি নতুন দিল্লীত মাইক্ৰ’ছফট সহ-প্ৰতিষ্ঠাপক বিশিষ্ট উদ্যোগপতি বিল গেইটছৰ সৈতে আলোচনাত মিলিত হয়। ভাৰতৰ উদ্ভাৱনী খণ্ডত আৰু জৈৱ নিৰ্মাণ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু ষ্টার্টআপৰ অংশগ্রহণ বৃদ্ধি কৰায়েই এই আলোচনাৰ মূল উদ্দেশ্যে। বৈঠকত ড° সিঙে পৰিৱেশ, নিয়োগৰ সুবিধা আৰু অৰ্থনীতিৰ বাবে জৈৱ প্ৰযুক্তিৰ লেখীয়া নীতিসমূহৰ বাবে দেশত জৈৱ প্ৰযুক্তি উদ্ভাৱন খণ্ডত চকুত লগা পৰিৱৰ্তন পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে। শ্ৰী গেইটছে কোভিড-১৯ আৰু এইছ পি ভি প্রতিষেধককে ধৰি অন্যান্য প্রতিষেধকৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ বিষয়ে উল্লেখ কৰি জৈৱ প্ৰযুক্তি বিকাশৰ শলাগ লয়। তেওঁ লগতে যক্ষ্মা আৰু মেলেৰিয়াৰ লেখীয়া ৰোগসমূহৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবেও আগ্রহ প্ৰকাশ কৰে। ড° সিং আৰু শ্ৰী গেইটছে দেশৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপ খণ্ডৰ বিকাশ সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰে।
Assamese | March 20, 2025 8:02 PM | Bill gates
ব্যক্তিগত খণ্ড আৰু ষ্টার্টআপৰ অংশগ্রহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে বিল গেইটছৰ সৈতে জীতেন্দ্র সিঙ আলোচনাত মিলিত