বিহাৰৰ লগতে অন্যান্য ৰাজ্যসমূহৰ সমাগত বিধানসভা নির্বাচনৰ বাবে নির্বাচন আয়োগে নির্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্রশিক্ষণত অনলাইন মূল্যাংকন আৰু মনোনয়ন প্ৰক্ৰিয়াৰ সময়ত বিভিন্ন বিষয়ত উত্থাপন হোৱা সন্দেহ নিষ্পত্তি সন্দর্ভত প্রশিক্ষণ প্ৰদান কৰা হয়। কালিৰে পৰা অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীত ২৪৩গৰাকী নির্বাচনী বিষয়াৰ লগতে এহেজাৰ ৪১৮ গৰাকী সহকাৰী নির্বাচনী বিষয়াই অংশগ্রহণ কৰে। আয়োগে জানিবলৈ দিয়া অনুসৰি অনলাইন মূল্যাংকন আৰু সন্দেহ নিষ্পত্তি অধিবেশনৰ লগতে মনোনয়ন প্রক্রিয়া, আৰ্হি আচৰণ বিধি, নির্বাচনী বিধি, ভোটগ্রহণৰ দিনা ল’বলগীয়া বিভিন্ন ব্যবস্থা আৰু ভোটগণনা আদি বিষয়তো প্রশিক্ষণ প্রদান কৰা হয়।
Assamese | October 10, 2025 8:43 PM | Bihar
সমাগত বিধানসভা নির্বাচনৰ বাবে নির্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত