ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত বৰেণ্য শিল্পীগৰাকীৰ ৯৮ সংখ্যক জন্মদিনটোত অহা ৮ আৰু ৯ ছেপ্তেম্বৰত সমন্বয় দিৱস হিচাপে উদযাপন কৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলত ন্যাসে এই বিষয়ে প্ৰকাশ কৰে। দিৱসৰ সৈতে সংগতি ৰাখি ১ ছেপ্তেম্বৰত কলাক্ষেত্ৰৰ ডº বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আনহাতে ন্যাসে প্ৰতি বছৰে দিৱসৰ কাৰ্যসূচীত প্ৰদান কৰা ভূপেন হাজৰিকা সমন্বয় বঁটা বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ডº লক্ষ্যহীৰা দাসক আৰু ভূপেন হাজৰিকা হিতৈষী বঁটা বিশিষ্ট লেখক ৰতিমোহন নাথক প্ৰদান কৰা হ’ব।
Assamese | August 27, 2024 7:47 PM | Bhupen hazarika
অহা ৮ আৰু ৯ ছেপ্তেম্বৰত ভূপেন হাজৰিকা ৯৮ সংখ্যক জন্মদিনটো সমন্বয় দিৱস উদযাপন