কেন্দ্ৰীয় চৰকাৰে নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি মন্ত্ৰালয়ে কাইলৈৰ পৰা ওড়িষাৰ ভূৱনেশ্বৰত দুদিনীয়া চিন্তন শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰত ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তি উৎপাদনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ‘ব পৰাকৈ কৌশল গ্রহণ কৰা তথা ২০৪৭ চনৰ ভিতৰত এহেজাৰ ৮০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰ সৈতে জড়িত বিষয়ৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হ‘ব। নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই অনুষ্ঠান উদ্বোধন কৰিব। এই দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ য়েছো নায়ক আৰু ওড়িষাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াইও ইয়াত ভাষণ দিব। উল্লেখযোগ্য যে এই চিন্তন শিবিৰত দেশৰ আগশাৰীৰ বিত্তীয় প্রতিষ্ঠান উদ্যোগ আদিৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি নেতৃস্থানীয় ব্যক্তিসকলৰ লগতে দেশৰ নৱীকৰণযোগ্য শক্তিখণ্ডৰ সৈতে সক্রিয়ভাৱে জড়িত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিব।
Assamese | November 13, 2024 6:14 PM | Bhubenaswar
কাইলৈৰ পৰা ওড়িষাৰ ভূৱনেশ্বৰত দুদিনীয়া চিন্তন শিবিৰৰ আয়োজন