কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই ছিন্নস্বামী ষ্টেডিয়ামত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যুৰ ঘটনা সংক্রান্তত বেংগালুৰুৰ আৰক্ষী আয়ুক্ত বি. দনায়ন্দ আৰু ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়াক নিলম্বন কৰিছে। তেওঁ লগতে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু দল, ইভেন্ট মেনেজমেণ্ট ফার্ম ডি এন এ এণ্টাৰটেণ্টমেণ্ট আৰু কৰ্ণাটক ৰাজ্যিক ক্রিকেট এছ‘চিয়েচনৰ প্ৰতিনিধিকো গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে। এই সকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগত এজাহাৰ ৰুজু কৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ ন্যায়াধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে। কৰ্ণাটক উচ্চ ন্যায়ায়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মাইকেল ডি. কুনহাৰ নেতৃত্বত গঠিত এজনীয়া বিৰাৰপীঠে ৩০ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব। উল্লেখযোগ্য যে, যোৱা বুধবাৰে সন্ধিয়া ষ্টেডিয়ামৰ বাহিৰত আই পি এল প্রতিযোগিতাত প্ৰথমবাৰৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে বিজয় লাভ কৰাৰ পাছত বহু সংখ্যক লোকৰ সমাগম হৈছিল আৰু তাত পদপিষ্ট হৈ ১১ জনকৈ লোকৰ মৃত্যু ঘটিছিল। এই ঘটনাৰ প্ৰতিবাদৰ বিজেপিৰ সাংসদ তথা ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্ৰই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে ।
Assamese | June 6, 2025 12:54 PM | Bangaluru
ছিন্নস্বামী ষ্টেডিয়ামত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়াক নিলম্বন