বাক্সা জিলাৰ জালাহত আজি ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জালাহ সংহত শিশু উন্নয়ন প্ৰকল্পৰ নতুন কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ কার্যবাহী সদস্য গৌতম দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিগত সময়ত উদ্বোধন কৰা চাৰিটাকৈ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ বিষয়ে উল্লেখ কৰি শ্রীদাসে কয়, যে এই নতুন কাৰ্যালয়টোৰ অধীনত ৩০৮টাকৈ অংগনৱাড়ী কেন্দ্র আছে। কার্যালয়সমূহে এই কেন্দ্ৰসমূহৰ উন্নয়নমূলক আৰু প্ৰশাসনিক কাম-কাজ ত্বৰান্বিত কৰিছে।
Assamese | July 30, 2025 8:31 PM | Baksa
জালাহ সংহত শিশু উন্নয়ন প্ৰকল্পৰ নতুন কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি