বাক্সা জিলাৰ দাওৰাইবাৰীত বনৰীয়া ম’হৰ আক্ৰমণত আজি এজন বনকর্মী গুৰুতৰভাৱে আহত হয়। আজি পুৱাৰে পৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হে জিলাখনৰ উদ্যানখনৰ দাঁতিকাষৰীয়া ৰাজাবিল, গোঁসাইভিঠা, দাওৰাইবাৰীকে দৰি কেইবাটাও অঞ্চলত উপদ্ৰৱ চলায়। বন বিভাগে ম’হটো খেদিবলৈ চেষ্টা চলোৱাৰ সময়তে ম’হটোৱে এজন বনকৰ্মীক আক্রমণ কৰে। আহত বনকৰ্মীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে সম্প্ৰতি ম’হটো বনাঞ্চললৈ আঁতৰি গৈছে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | March 17, 2025 7:23 PM | Baksa
বাক্সাত বনৰীয়া ম’হৰ আক্ৰমণত এজন বনকর্মী গুৰুতৰভাৱে আহত