ৰাজ্য চৰকাৰে এইবছৰৰ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতিমান ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। অহা ২০ জুনত নলবাৰীত হ‘বলগীয়া বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হ‘ব। এই অনুসৰি বিষ্ণুৰাভা দিৱসৰ দিনা প্ৰদান কৰিবলগীয়া ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড০ থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দূৰ অভিযানত শ্বহিদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক চিংখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হ‘ব। একেদৰে চলিত বছৰৰ ৪ টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্রশিল্পী নৰেন্দ্ৰ নাথ দাস আৰু বিশিষ্ট সত্রীয় নৃত্য শিল্পী তথা গৱেষক ড° মল্লিকা কন্দলীলৈ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হ‘ব। সত্ৰীয় সংস্কৃতিক বিশিষ্ট সাধক সোনাৰাম শৰ্মা বুঢ়াভকতলৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সর্বানন্দ সিংহ বঁটা আগববঢ়োৱা হ‘ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰি বঁটা প্ৰাপক আটাইকেইগৰাকী কৃতিমান ব্যক্তিক অভিনন্দন জ্ঞাপন কৰে ।
Assamese | June 14, 2025 6:31 PM | Assam Govt
অহা ২০ জুনত কেইবাগৰাকীও খ্যাতিমান ব্যক্তিলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ