April 4, 2024 1:20 PM

views 60

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ

◊প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে কালি ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে ২০১৯ চনত তেওঁ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। বিশিষ্ট অর্থনীতিবি...

April 4, 2024 1:19 PM

views 63

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠানৰ আয়োজন

♦ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সন্ধিয়া ৫ বজাৰ পৰা এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...

April 4, 2024 1:13 PM

views 180

উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আ...

April 4, 2024 1:07 PM

views 127

৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশতকৈ অধিক শাৰিৰীক প্ৰতিবন্ধকতা লোকে ইচ্ছা কৰিলে ঘৰতে ভোটদান কৰিব পাৰিবঃ অনুৰাগ গোৱেল

♦ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি...

April 4, 2024 12:34 PM

views 97

১৭ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ প্রধানমন্ত্ৰী মোদী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। ৰাজ্যখনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এখন নিৰ্বাচনী সভাত প্রধানমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰিব। নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ'বলগীয়া এ...

April 4, 2024 12:26 PM

views 73

ৰাজ্যত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

♦ সমাগত লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত কালি শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকিয়াজুলিত প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি...

April 4, 2024 12:32 PM

views 65

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে বৰ্তমানলৈকে ২৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন

♦ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে এই পৰ্যায়ত অহা ২৬ এপ্ৰিলত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই সমষ্টিসমূহৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিও আছে। ৰাজ্যত এই...

April 4, 2024 12:18 PM

views 105

ক্ৰ’ৱেছিয়াত আজিৰে পৰা ডব্লিউ টি টি ফিডাৰ ভাৰাজ্জিন টেবুল টেনিছ প্ৰতিযোগিতা

♦ ক্ৰ'ৱেছিয়াত আজিৰ পৰা চলিত বৰ্ষৰ ডব্লিউ টি টি ফিডাৰ ভাৰাজ্জিন টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাত ভাৰতৰ ছাথিয়ান জ্ঞানচেকৰণ আৰু মণিকা বাট্রাকে ধৰি ভালেকেইগৰাকী আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ছাথিয়ানৰ সৈতে পুৰুষৰ ছিংগলছত পায়ছ জৈন, হৰমিত দেশাই আৰু স্নেহিত সূৰভাৰ্জ্জুলাই প্রতিদ্বন্দ্ব...

April 4, 2024 12:07 PM

views 97

আই পি এলত যোৱানিশা দেলহি কেপিটেলছ ১০৬ ৰানত পৰাস্ত

♦ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত দেলহি কেপিটেলছক ১০৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৭২ ৰান কৰে। কলকাতাৰ হৈ সুনীল নাৰায়ণে ৩৯টা বলত ৮৫ ৰান আৰু অংকৃষ...

April 4, 2024 12:03 PM

views 112

টাইৱানত ভূমিকম্পঃ প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰিৰ বাবে কৃতজ্ঞতা টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনৰ

♦ টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে দ্বীপৰাষ্ট্ৰখনক ৰিখটাৰ স্কেলত ৭.৪ প্রাবল্যৰ ভূমিকম্পই জোঁকাৰি যোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা সঁহাৰিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে বিপদৰ পাছত পুনৰ মূৰ দাঙি উঠিবলৈ চলোৱা প্ৰচেষ্টাৰ সময়ত প্রধানমন্ত্ৰ...