May 2, 2024 12:13 PM

views 53

২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ

♦ ২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য্য কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেল awards.gov.in যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব। দেশৰ সৰ্বোচ্চ অস...

May 2, 2024 11:57 AM

views 57

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ

◊ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ ৫০ শতাংশ স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী, ৰাজহুৱা ওজৰ- আপত্তি নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰ্যালয়ে ২০১৮ চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে। ২০১৮ ...

May 2, 2024 11:39 AM

views 59

ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা

◊ ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা আগবঢ়োৱা হৈছে। ড° বৰ্মনে এই বঁটা দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে। উল্লেখযোগ্য যে ২০১৭ চনত প্ৰৱৰ্তন কৰা গ্ৰীণ অস্কাৰ বঁটা তেওঁ লাভ কৰিছিল। প্ৰকৃতিৰ পৰা বিলুপ্ত হ'বলৈ ধৰা হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘ দিনৰেপৰা বিশেষ প্ৰয়াস...

May 2, 2024 11:19 AM

views 51

ৰাজ্যত এপ্ৰিল মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ ১,৮৯৫ কোটি টকা হৈছে

◊ ৰাজ্যত এপ্ৰিলত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ ১,৮৯৫ কোটি টকা হৈছে। সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে এটা মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ৰাজ্যত বিগত বৰ্ষৰ এপ্ৰিলত সংগ্ৰহ হোৱা ১,৫১৩ কোটি টকাৰ জি এছ টিৰ বিপৰীতে বিগত মাহত এই পৰিমাণ বৃদ্ধি হয়। সমগ্ৰ দেশৰ ভ...

May 2, 2024 11:08 AM

views 64

গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট ব...

May 2, 2024 10:59 AM

views 75

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণক লৈ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। এই পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত ভোটদাতা...

May 2, 2024 10:51 AM

views 81

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণক লৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টি...

May 1, 2024 9:21 PM

views 74

৭ মে’ৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দিতা

ৰাজ্যখনত তৃতীয় পৰ্যায়ত অহা ৭ মে'ত হবলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯, ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব । ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লা...

May 1, 2024 9:18 PM

views 61

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্যত প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণলৈ মাজত ৫টা দিন বাকী থকা সময়তে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে।  বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰী ...

May 1, 2024 9:15 PM

views 56

দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে  ৭ মে’ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে অহা ৭ মে'ত ভোটগ্রহণ কৰা হ'ব। পূৰ্বে এই পৰ্যায়ত ৯৪ টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও মধ্য প্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়...