April 17, 2024 11:17 AM

views 65

অসমত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নির্বাচন আয়োগৰ নীতি অনুসৰি আজি বিয়লি ৫ বজালৈকে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব পাৰিব। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব । ভোটগ্রহণলৈ মাজত মাত্ৰ এটা দিন বাক...

April 17, 2024 11:07 AM

views 60

আই পি এলত যোৱা নিশা অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি কলকাতাই নিৰ্ধাৰিত ২০ অ'ভাৰত ৬টা উইকেট হেৰুৱাই ২২৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সুনীল নাৰিনে ৫৬টা বলত ১০৯ ৰানৰ বৰঙণি আগবঢ়ায...

April 17, 2024 11:03 AM

views 47

টেবুল টেনিছ বিশ্বকাপ প্রতিযোগিতাত মণিকা বাঢ়া আৰু শ্ৰীজা আকুলাৰ জয়েৰে অভিযান আৰম্ভ

ভাৰতৰ মণিকা বাঢ়া আৰু শ্ৰীজা আকুলাই চীনৰ মাকাউত চলি থকা টেবুল টেনিছ বিশ্বকাপ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ গ্ৰুপ পৰ্যায়ত জয়েৰে অভিযান আৰম্ভ কৰিছে। বিশ্বৰ ৩৭ সংখ্যক স্থানৰ খেলুৱৈ মণিকাই ৰোমানিয়াৰ এডিনা ডিকানৌক ৩-১ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে সতীৰ্থ খেলুৱৈ শ্ৰীজা আকুলাই পোলেণ্ডৰ নাটালিয়া বাজোৰৰ বিৰুদ...

April 17, 2024 10:56 AM

views 39

অযোধ্যাত উলহ-মালহেৰে শ্ৰীৰাম জন্মোৎসৱৰ আয়োজন

ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত সমগ্ৰ দেশৰ আন আন প্ৰান্তৰ লগতে অযোধ্যাত উলহ-মালহেৰে শ্ৰীৰাম জন্মোৎসৱৰ আয়োজন কৰা হৈছে। ৰাম নৱমীৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা ভক্তসকল গৈ ইতিমধ্যে অযোধ্যাত উপস্থিত হৈছে। সম্ভাৱ্য ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অঞ্চলবিশেষে গধ...

April 17, 2024 10:47 AM

views 45

অন্ধ্রপ্রদেশ চৰকাৰৰ বিৰুদ্ধে নির্বাচন আয়োগক অভিযোগ দাখিল বিজেপিৰ

বিজেপিৰ এটা প্ৰতিনিধি দলে কালি নির্বাচন আয়োগক সাক্ষাৎ কৰি এন ডি এ কৰ্মীক অপব্যৱহাৰ কৰাৰ বাবে জগন মোহন ৰেড্ডী নেতৃত্বাধীন অন্ধ্রপ্রদেশ চৰকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিং, ওম পাঠক, তেলেগু দেশম পাৰ্টিৰ সদস্য কে ৰবীন্দ্ৰ কুমাৰ, জনসেনা পাৰ্টিৰ অধ্যক্ষ এন মনোহৰ তথা অন্যান্য...

April 17, 2024 10:41 AM

views 55

বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে : নিৰ্মলা সীতাৰমন

কেন্দ্রীয় বিত্তমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমনে কয় যে বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে আৰু সমাগত বছৰবোৰতো এই বৃদ্ধি অব্যাহত থকাৰ সম্ভাৱনা আছে। জয়পুৰত কালি উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমতী সীতাৰমনে কয় যে অহা ২৫ বছৰ ভাৰতৰ বাব...

April 16, 2024 7:53 PM

views 47

২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু একাগ্ৰতাৰ ফলাফল তেওঁলোকে লাভ কৰিছে। তেওঁ কয় যে, অনাগত সময়ত তেওঁলোকৰ প্ৰচেষ্...

April 16, 2024 7:49 PM

views 73

চৰকাৰে পশ্চিমবংগত জনজাতীয় লোকৰ বাবে ৮ খন নতুন স্কুল নিৰ্মাণ কৰিছে : প্ৰধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰে পশ্চিমবংগত জনজাতীয় লোকৰ বাবে ৮ খন নতুন স্কুল নিৰ্মাণ কৰিছে। প্রধানমন্ত্ৰীয়ে লগতে তেওঁৰ চৰকাৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰাৰ কথাও উল্লেখ কৰে। দেশৰ ৰাষ্ট্ৰপতি বৰ্তমান এগৰাকী আদিৱাসী মহিলা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে দলিত আৰ...

April 16, 2024 7:25 PM

views 55

আজিৰেপৰা বৰপেটাত পোষ্টেল বেলটেৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ

লোকসভা নিৰ্বাচনত ভোটদাতাৰ অংশগ্রহণ সৰ্বাত্মক কৰি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে নির্বাচনী প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৰপেটা জিলাত আজিৰেপৰা পোষ্টেল বেলটেৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলাখনত কৰ্মৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰৰ ভোটদাতাসকলৰ বাবে এই ভোটগ্রহণ অনুষ...

April 16, 2024 7:17 PM

views 61

অসমৰ প্ৰথম পৰ্যায়ত ৫টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে...