কেন্দ্রীয় বিত্তমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমনে কয় যে বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে আৰু সমাগত বছৰবোৰতো এই বৃদ্ধি অব্যাহত থকাৰ সম্ভাৱনা আছে। জয়পুৰত কালি উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমতী সীতাৰমনে কয় যে অহা ২৫ বছৰ ভাৰতৰ বাবে অতি কঠিন হ’ব। ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতত আঠ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতিৰ বিশ্বাসযোগ্যতাৰ বাবেই বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিবলৈ আহিছে। অর্থনৈতিক নীতি, সুস্থিৰ চৰকাৰ, সুস্থিৰ কৰ নীতি, স্বচ্ছ নিবিদা, ক্ৰয় আদিৰ বাবে বিদেশত ভাৰতৰ অৰ্থনীতিৰ অপৰিসীম বিশ্বাসযোগ্যতা আছে। ফলস্বৰূপে বিনিয়োগকাৰীসকলে ভাৰতলৈ বিনিয়োগ কৰিবলৈ আহিছে বুলি শ্ৰীমতী সীতাৰমনে উল্লেখ কৰে।
Assamese | April 17, 2024 10:41 AM | economic growth | Nirmala Sitharaman
বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনীতি দ্রুতগতিত বৃদ্ধি হৈছে : নিৰ্মলা সীতাৰমন