August 7, 2024 6:49 PM

views 47

মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

গুৱাহাটী মহানগৰীত আজি বিয়লি ভাগত হোৱা প্ৰৱল বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্রী ড০ শৰ্মাই প্রয়োজনীয় কাম নহ'লে মহানগৰবাসীক ঘৰৰ পৰা বাহিৰ নহ'বলৈ...

August 7, 2024 6:31 PM

views 59

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে তিনিচুকীয়াত গছপুলি ৰোপণ, জিঅ’ টেগিং, আপলোড আদি অব্যাহত

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি তিনিচুকীয়া জিলাত গছপুলি ৰোপণ, জিঅ' টেগিং, আপলোড আদি অব্যাহত আছে। জিলাখনত আজি কেইবাটাও আত্ম-সহায়ক গোটৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীসকলে গছপুলি ৰোপণ কৰে। যোৰহাট জিলাতো জিলা আৰক্ষী অধীক্...

August 7, 2024 6:30 PM

views 44

সমগ্ৰ দেশতে আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

সমগ্ৰ দেশতে আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আয়োজিত এটা অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অংশগ্ৰহণ কৰে। অসমতো হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম সঞ্চালকালয়ৰ উদ্যোগত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় ৷ খানাপাৰাৰ অসম ...

August 7, 2024 6:24 PM

views 65

কলিয়াবৰৰ হাতীমূৰাৰ ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি কলিয়াবৰৰ হাতীমূৰাৰ ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। মথাউৰিটো পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কলিয়াবৰত যাতে ভৱিষ্যতে পুনৰ বানৰ সৃষ্টি নহয়, তাৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প...

August 7, 2024 5:58 PM

views 61

অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। তেওঁ এই সমাৰোহত ৯৮১ গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবলক দীক্ষান্ত প্রমাণ-পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰ...

August 7, 2024 5:53 PM

views 63

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ কৰি আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা

অসম ভ্ৰমণৰত আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। তেওঁ এই সাক্ষাৎকালত মুখ্য সচিবগৰাকীক আকাশবাণী বাতৰি বিভাগৰ আকাশীবার্তা শীৰ্ষক স্মৰণিকাখনো উপহাৰ হিচাপে প্ৰদান কৰে। উল্লেখযোগ্য যে আকাশবাণীৰ সঞ্চালক প্ৰধানৰ দায়িত...

August 7, 2024 5:51 PM

views 50

পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰ

গুৱাহাটী মহানগৰীত আজি বিয়লি ভাগত হোৱা প্ৰৱল বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্রয়োজনীয় কাম নহ'লে মহানগৰবাসীক ঘৰৰ পৰা বাহিৰ নহ'বলৈ...

August 7, 2024 5:43 PM

views 49

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযো...

August 7, 2024 1:02 PM

views 42

এন ডি এৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অসমৰ পৰা নির্বাচিত এন ডি এৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকাৰত তেওঁলোকে এইবাৰৰ বাজেটত অসমৰ বাবে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত দিয়া আৱণ্টন, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ তালিকাত চৰাইদেউ মৈদামক অন্তর্ভুক্তিকৰণ, জাগীৰোডত উত্তৰ-প...

August 7, 2024 12:57 PM

views 25

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানৰ বৈঠক

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে উদ্বিগ্নতা প্রকাশ কৰিছে। দেশখনৰ প্ৰধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰি শ্বেইখ হাছিনা ভাৰতলৈ অহাৰ পাছতেই কালি বাংলাদেশৰ সৈতে সংলগ্ন হৈ থকা অসমৰ জিলাকেইখনৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধান গৰাকী বৈঠকত মিলিত হয়। ...