মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। তেওঁ এই সমাৰোহত ৯৮১ গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবলক দীক্ষান্ত প্রমাণ-পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এক দৃঢ় পদক্ষেপ গ্ৰহণৰ অংশৰূপে প্ৰথম বাৰৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছিল। বন সুৰক্ষা বাহিনীত জোৱানৰ নিযুক্তিৰ সংখ্যা ১২০ শতাংশলৈ বৃদ্ধি কৰাৰ ফলত জোৱানৰ সংখ্যা ৭৮৪ৰ পৰা এহেজাৰ ৭২৪ গৰাকী হৈছে। ইয়াৰে ৯০ গৰাকী মহিলা। আনহাতে, তৃতীয় অসম বন সুৰক্ষা বাহিনী বেটেলিয়ন সম্পূৰ্ণৰূপে নৱনিযুক্ত জোৱানেৰে গঠন কৰা হৈছে।
Assamese | August 7, 2024 5:58 PM | CMO Assam | himanta bisha sarma | Himanta Biswa
অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ